বিশিষ্ট বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগদেৱ অসমীয়া সাহিত্যৰ পথাৰত ভোটাতৰা স্বৰূপ। পদ্মশ্ৰী উপাধিৰে বিভূষিত সাহিত্যিক গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি আসন শুৱনি কৰাৰ উপৰিও অসম সাহিত্য সভাৰ সদস্য মহীয়ান, শংকৰদেৱ বঁটাৰ লগতে সংগীত নাটক একাডেমীৰ জলপানি লাভ কৰিছিল।
অসমীয়া কাব্য সাহিত্যলৈ সাহিত্যিক গৰাকীয়ে “অন্ত্যজা” কবিতাটোৰ জৰিয়তে এক নতুন ধাৰা কঢ়িয়াই আনিছিল। বিশাল জ্ঞানৰাজিৰে অসমীয়া সাহিত্যৰ বৰঘৰ গঢ়ি থৈ যোৱা সাহিত্যিক গৰাকীৰ আজি পুণ্য স্মৃতিদিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।