“জলজীৱন মিছন” আঁচনিয়ে ডিমাছা জনজাতিৰ মহিলাসকলৰ জীৱনশৈলী সহজ কৰি তুলিছে
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী আঁচনি “জল জীৱন মিছন” ৰ অধীনত ঘৰে ঘৰে খোৱাপানী যোগানৰ সুদৃঢ় পদক্ষেপে দেশলৈ এক আমূল পৰিবৰ্তন আনিছে। পাহাৰে-ভৈয়ামে, সমগ্ৰ চাহ বাগানকে কেন্দ্ৰ কৰি খোৱাপানী দুৰ্লভ সকলো ঠাইতে জলজীৱন মিছন আঁচনিয়ে জনসাধাৰণক সকাহ প্ৰদান কৰি জীৱন আনন্দমুখৰ কৰিছে।
শেহতীয়াকৈ ডিমাছা জনজাতিৰ মহিলাসকলৰ জীৱনশৈলীও এই আঁচনিয়ে সলনি তুলিলে ৷ “জলজীৱন মিছন” আঁচনিয়ে ডিমাছা মহিলাসকলৰ শাৰিৰীক কষ্ট লাঘৱ কৰিছে, কিয়নো তেওঁলোকে খোৱাপানীৰ বাবে বহুদূৰ যাবলগীয়া হৈছিল। বৰ্তমান খোৱাপানীৰ সুচল ব্যৱস্থাই তেওঁলোকৰ জীৱন যাপন অতি সহজ কৰি তোলাত তেওঁলোকে এতিয়া অত্যন্ত সুখী ৷