আজি সত্ৰ মহাসভাৰ পৰা একাংশ বিষয়ববীয়াই আহি মোক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উপহাৰ দিয়ে। তেখেতসকলৰ সাদৰ ভৰা অভিবাদন লাভ কৰি মই আনন্দিত হৈছোঁ।
এই সাক্ষাৎকাৰ কালত, তেখেতসকলৰ সৈতে সত্ৰ সমূহক কেন্দ্ৰ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কথাৰ আলোচনা কৰোঁ। ইয়াৰ উপৰিও, সত্ৰ সমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পৰা যায় সেই বিষয়ে তেওঁলোকৰ মতামত গ্ৰহণ কৰোঁ।