খণ্ড উন্নয়ন কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মীক অন্য জিলালৈ বদলি কৰাৰ বিভাগীয় নিৰ্দেশনাৰ পৰিৱৰ্তে নিজ জিলাৰ একেটা ব্লকৰ ভিতৰতে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছোঁ

খণ্ড উন্নয়ন কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মীক অন্য জিলালৈ বদলি কৰাৰ বিভাগীয় নিৰ্দেশনাৰ পৰিৱৰ্তে নিজ জিলাৰ একেটা ব্লকৰ ভিতৰতে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছোঁ

আমাৰ অসমৰ খণ্ড উন্নয়ন কাৰ্যালয়বোৰত কাম কৰি থকা বিভিন্ন ঠিকাভিত্তিক কৰ্মী আছে অৰ্থাৎ GRS, GPC আৰু AE আদি ৷ তেওঁলোকক নিজ কৰ্মৰত জিলাৰ পৰা দাঁতিকাষৰীয়া জিলালৈ বদলি কৰাৰ কাৰণে ইতিমধ্যে বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছিল যদিও সেই নিৰ্দেশনা আজি মই সলনি কৰি তেওঁলোকক নিজৰ কৰ্মৰত ব্লকতে কাম কৰি থকাৰ সুযোগ দি বৰ্তমান কৰি থকা ব্লকতে পঞ্চায়তটো সলনি কৰি অন্য পঞ্চায়তত দিয়াৰ ব্যৱস্থা কৰিছোঁ ৷May be an image of ‎1 person, standing and ‎text that says "‎পঞ্চায়তত ঠিকাভিত্তিক কর্মীসকলক বিভাগব তবফব পবা এখন জিলাব পবা অন্য জিলালে বদলি কবাৰ পবিবর্তে ঠিকাভিত্তিক কর্মীসকলক ব্লকব ভিতবতে বদলি অর্থাৎ হোম পঞ্চায়তব পবা নিকটবর্তী পঞ্চায়তত বদলিকৰণৰ বাবে বিভাগক নির্দেশ দিছো " هششهههشش אאא‎"‎‎

যিহেতু তেওঁলোকে কম মাননিতে সেৱা আগবঢ়াই আহিছে সেয়েহে দাঁতিকাষৰীয়া জিলালৈ বদলি নকৰি ব্লকৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিছোঁ ৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ নিশ্চিত ৰূপত সহায় দিব বুলি মই ভাবো ৷ লগতে তেওঁলোকৰ কিছু গতিশীলতাও আহিব আৰু মনৰ কিছু সুস্থিৰতা বাঢ়িব বুলি ভাবি মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷