আজি উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেডৰ গুৱাহাটীৰ গণেশগুৰিস্থিত কাৰ্যালয়ত ‘স্বচ্ছতাই সেৱা ২০২১’ ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকোঁ ৷
ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষে দেশজুৰি ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰা হৈছে। এই উপলক্ষে আজিৰ দিনটোৰে পৰা অহা ২ অক্টোবৰ তাৰিখলৈ ‘স্বচ্ছ ভাৰত অভিযান’ (গ্ৰামীণ) য়ে আয়োজন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ প্ৰথমটো দিনত উপস্থিত থাকি আনন্দিত হৈছোঁ।
‘স্বচ্ছতাই সেৱা’ মানসিকতাৰে আগবাঢ়ি সকলোৱে এখন ঐক্যবদ্ধ আৰু সৰ্বাংগ সুন্দৰ অসমৰ সাক্ষী হোৱাটোৱে হৈছে এই কাৰ্যসূচীৰ আমাৰ মূল লক্ষ্য। স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) ৰ দ্বাৰা উদযাপিত এই কাৰ্যসূচীয়ে ৰাজ্যখনত স্বচ্ছ ভাৰত মিছন সম্পৰ্কে এক জন আন্দোলন গঢ়ি উঠাত সহায় কৰিব বুলি মই আশাবাদী।