আজি অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন ৷ এই সন্মিলনত মাননীয় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়া উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ৷ এই সভাত ‘জল জীৱন মিছন’ ৰ অধীনত গ্ৰামাঞ্চলৰ ঘৰে ঘৰে খোৱাপানীৰ যোগান আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে এই আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সমূহৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰা হ’ব ৷
বৰ্তমানলৈকে অসমত জল জীৱন মিছনৰ অধীনত হোৱা কামৰ খতিয়ান –
অসমতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত “জল জীৱন মিছন” আঁচনিৰ খোৱাপানীৰ কাম-কাজ দ্ৰুতগতিত আগবাঢ়িছে। প্ৰাৰম্ভিক অৱস্থাত অসমত মাত্ৰ ১ লাখ ১ হাজাৰ ঘৰুৱা টেপ সংযোগেৰে নিম্ন আধাৰৰ সৈতে আৰম্ভ হৈছিল। এই আঁচনিৰ অধীনত প্ৰায় 1.75% আৰু প্ৰায় 62 লাখ পৰিয়ালত খোৱাপানী যোগান ধৰা চৰকাৰৰ লক্ষ্য আছিল ।
বিগত দুটা বিত্তীয় বৰ্ষত আমি দ্ৰুতগতিৰে কেইটামান মাহতে যথেষ্ট উন্নতি কৰিছো। বৰ্তমান “জলজীৱন আঁচনি” খনে অসমৰ মুঠ পৰিয়ালৰ প্ৰায় 20% (~ 12.37 লাখ) সামৰি লৈছে আৰু বিত্তীয় বৰ্ষ 22 ৰ শেষলৈ অসমৰ প্ৰায় 46% পৰিয়ালে খোৱাপানী লাভ কৰিব বুলি নিশ্চিত হৈছো।
অসম চৰকাৰে ২০২১ চনৰ আগষ্ট মাহত দৈনিক ৬,৭০০ তকৈও অধিক টেপ সংযোগী খোৱাপানী প্ৰদান কৰিছিল যি ২০২১ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা ১,৫৮৪ টা টেপ সংযোগৰ তুলনাত চাৰিগুণতকৈ অধিক। ইয়াৰ উপৰিও ২০,০৩,৪৬৮ টেপ সংযোগৰ সৈতে ১০,০২৮ টা নতুন আঁচনি আৰু ডি.পি.আৰ প্ৰস্তুতি আৰু ভূমি চিনাক্তকৰণ প্ৰায় সম্পূৰ্ণ হৈছে।
এই বছৰৰ শেষৰ ফালে অসম চৰকাৰে ৮০৩ খন চাহ বাগিচাত টেপ সংযোগী খোৱাপানীৰ সুচল ব্যৱস্থা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে। আঁচনিয়ে ঢুকি পোৱা স্থান চিনাক্তকৰণ, ভূমি বাছনি আৰু ডি.পি.আৰ প্ৰস্তুতি আদিৰ কাম উন্নত পৰ্যায়ত আছে।
প্ৰতিখন বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ আদিত দ্ৰুততাৰে খোৱা পানীৰ সংযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে অসমত ২০,৯৫২ খন বিদ্যালয় আৰু ৬,৫৭৭ টা অংগনবাদী কেন্দ্ৰত খোৱা পানীৰ সুব্যৱস্থা কৰা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্য পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বাকী থকা বিদ্যালয় সমূহত কাম-কাজ (২০,৩৪৮ নম্বৰ) আৰু এডব্লিউচিৰ (৩৪,৪৯৪ নম্বৰ) অগ্ৰগতি নিৰীক্ষণ কৰা হৈছে।
“জল জীৱন মিছন” আঁচনি খনক জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আই.ই.চি.বিভিন্ন কাৰ্যকলাপ হাতত লোৱা হৈছে। গাওঁবাসী সকলৰ মাজত বিলবৰ্ড, বাতৰি কাকতৰ বিজ্ঞাপন, টিভি বিজ্ঞাপন আৰু বিস্তৃত আন্তঃ-কৰ্মচাৰী যোগাযোগ (আইপিচি) আদিৰ দ্বাৰা এই প্ৰচেষ্টা অব্যাহত আছে। এই ব্যৱস্থাই আমাৰ গ্ৰামাঞ্চলত “জল জীৱন মিছন” আঁচনিখন সুদৃঢ়ভাৱে ফলপ্ৰসু কৰাত সহায় কৰিব। ২০২৪ বৰ্ষৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালক টেপ সংযোগী খোৱাপানী সুচল ব্যৱস্থা কৰি তোলাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী আঁচনি “জল জীৱন মিছন” আঁচনিৰ লক্ষ্য।