উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলনে নতুন উদ্যম প্ৰদান কৰিলে
আজি গুৱাহাটীত অনুষ্ঠিত হোৱা ‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷ মাননীয় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সন্মিলনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে ভাৰত চৰকাৰৰ প্ৰায় ৬০ জন প্ৰতিনিধি আৰু উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীসকল উপস্থিত থাকে ৷
‘প্ৰতিটো গ্ৰাম্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানলৈ খোৱাপানীৰ নল সংযোগ’ আৰু ইয়াৰ ৰাজহুৱা কাৰ্যকৰীকৰণৰ বিষয়ে এক জীৱন্ত তথা তীব্ৰ মত বিনিময়ৰ বাবে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত এনেদৰে সকলোকে পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ ৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ ঘৰে ঘৰে খোৱাপানী যোগানৰ যি স্বপ্ন, সেই স্বপ্নক সাকাৰ কৰাৰ হেতু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনে আমাক উদ্বুদ্ধ কৰে ৷