মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে ৮ লাখ লোকক ক’ভিড টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে ৮ লাখ লোকক ক’ভিড টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সম্পূৰ্ণ টীকাকৰণ প্ৰক্ৰিয়া তদাৰক কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিভাৱক মন্ত্ৰী সকলক দায়িত্ব অৰ্পণ কৰিছে ৷

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া দায়িত্ব পালন কৰাৰ উদ্দেশ্যে যোৱাকালি নিশাই বৰপেটালৈ আহিছিলো আৰু বৰপেটালৈ আহি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক বৰপেটা সত্ৰত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সেৱা আগবঢ়াওঁ ৷