আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক শুভকামনা জ্ঞাপন কৰিছোঁ ৷
সৃষ্টিশীলতা তথা উদ্ভাৱনী শক্তিৰে যাতে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজ আগুৱাই যাব পাৰে তাৰ বাবে প্ৰভুৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। বিশ্ব খনিকৰে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচাই তোলাৰ বাবে তেৰাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ লগতে, ৰাজ্য চৰকাৰৰ সমূহ নীতি-নিয়মৰ মাজেৰে যাতে পূজাৰ বাবে প্ৰস্তুতি চলায় তথা আৰাধনা কৰে, তাৰ বাবে মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ।