আজি বৰপেটা জিলা কাৰ্যালয়ত জিলাখনৰ সভাপতি হিচাবে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰী অনিল দাসক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। জিলাখনত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত নৱনিযুক্ত সভাপতি গৰাকীক নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছোঁ।
তেখেতৰ সবল নেতৃত্বই দলটো উদ্বুদ্ধ কৰাৰ লগতে তেওঁ নিজ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি যাব বুলি মই আশাবাদী।