বঙাইগাঁও জিলাত আজি দুপৰীয়া ক’ভিড টিকাকৰণ চেণ্টাৰ পৰিদৰ্শন কৰোঁ।

বঙাইগাঁও জিলাত আজি দুপৰীয়া ক’ভিড টিকাকৰণ চেণ্টাৰ পৰিদৰ্শন কৰোঁ। পৰিদৰ্শন কালত জিলাখনৰ বিষয়ববীয়া সকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলে মোক সংগ দিয়ে।

আজি বঙাইগাঁও জিলাত মই পৰিদৰ্শন কৰা ক’ভিড চেণ্টাৰ কেইটা হৈছে ক্ৰমে-

✅ এলবাৰ্ট স্কুল

✅ বিৰঝৰা চাহ বাগিছা

✅ শালবাৰী প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে, আজি বঙাইগাঁও জিলাত ২০, ০০০ লোকক টিকাকৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ভেকচিন চেণ্টাৰ পৰিদৰ্শন কালত ক’ভিড মহামাৰীৰ বিৰুদ্ধে ৰাইজৰ যি সক্ৰিয়তা দেখি মই আনন্দিত হৈছোঁ। সমান্তৰালকৈ, আজিৰ এই টিকাকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি ৰাইজে বিপুল সঁহাৰি জনোৱা দেখি মই আপ্লুত হৈছোঁ লগতে তেখেতসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।