ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াৰ উপস্থিতিত আজি অনুষ্ঠিত ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা সভাত উপস্থিত থাকোঁ।
এই পৰ্যালোচনা সভাত সমগ্ৰ দেশত চলি থকা “অন্ন সুৰক্ষা আঁচনি”, “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি” কে প্ৰমুখ্য কৰি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়।
সামগ্ৰিক আলোচনাৰ অন্তত সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আঁচনি সমূহৰ সফল ৰূপায়ণ তথা বৈঠকত আলোচিত বিষয় সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।