জয়জয়তে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা সকলো দেশভক্তলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।

জয়জয়তে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা সকলো দেশভক্তলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।

আজি সমগ্ৰ দেশৰ বাবে অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা ঐতিহাসিক দিন। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ ৰাজপথত ভৰি থৈছিল নিৰ্ভীক অসমীয়াই। দুৰ্বাৰ সাহস, মনোবল আৰু গভীৰ দেশপ্ৰেমৰ নিদৰ্শনেৰে বহুজন সংগ্ৰামী অসমীয়াই পৰাধীনতাৰ শিকলি চিঙি দেশক স্বাধীন কৰি থৈ গ’ল। ১৯৪২ চনৰ ঐতিহাসিক “ভাৰত ত্যাগ আন্দোলন” ৰ আজিৰ দিনটোতে কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননীয়ে “কৰিম কিম্বা মৰিম” পণ লৈ সন্মুখলৈ আগুৱাই বিট্ৰিছৰ বন্দুকৰ গুলিত থকা সৰকা হৈ নিজৰ জীৱন উচৰ্গা কৰিলে।May be an image of 3 people and text that says "ভাবতবর্ষব স্বাধীনতা আন্দোলনত দেশব বাবে নিজব জীবনক তুচ্ছ জ্ঞান কবি প্রাণ আহুতি দিয়া অসমব ত্যাগৰ প্রতীক শ্বহীদসকললৈ একাজলি শ্রদ্ধাঞ্জলি... ২০ছেপ্টেম্বব 'কবিম বা মবিম' মন্ত্রেবে এই ঐতিহাসিক দিনটোত শ্বহীদসকলে কবা দুর্দান্ত সাহস আকু মহান ত্যাগক গভীব শ্রদ্ধাবে সুববিছো। RanjeetKrDass www.ranjeetkrdas.in"

হে, মহান শ্বহীদ, হে মহান পুণ্যাত্মা, আজি আপোনালোকৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ত্যাগৰ মহিমাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।