মহিলাসকলৰ সু-স্বাস্থ্য নিশ্চিতকৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ‘উজ্জ্বলা যোজনা’ আঁচনিয়ে দেশলৈ ন-পৰিৱৰ্তন আনি মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ দিশত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে
আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷
এই সভাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন যোজনা সমূহৰ ৰূপায়ণৰ খতিয়ান লোৱাৰ লগতে এই সমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ ওপৰত বিশদ ভাৱে আলোচনা কৰোঁ ৷ লগতে জিলাখনৰ ৰেচন কাৰ্ড হিতাধিকাৰী সকলৰ আধাৰ সংযোগ কৰণৰ ওপৰতো বিস্তাৰিত ভাৱে আলোচনা কৰোঁ ৷ ইয়াৰোপৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগীয় বিভিন্ন আঁচনি সমূহ জিলাখনৰ প্ৰতিটো প্ৰান্তত সফল ৰূপায়ণ কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰোঁ ৷
আজিৰ এই সভাত মোৰ সৈতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, তিনিচুকীয়া জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷