দেশৰ ভৱিষ্যৎ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, ৰাজ্যখনৰ বিকাশৰ গতি তৰান্বিত কৰিবলৈ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাটো আমাৰ দায়িত্ব
আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷
এই সভাত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা পঞ্চায়তৰ প্ৰতিনিধি সকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
তিনিচুকীয়া জিলাৰ আটাইকেইখন গাঁও পঞ্চায়তৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনি সমূহ আৰু পঞ্চায়ত সমূহৰ বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাৰাজীৰ বিষয়ে বিশদ আলোচনা কৰোঁ আৰু এই সকলোবোৰ বিষয় ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ ৷
মই আশা ৰাখিছোঁ, আগন্তুক দিনত সকলোৰে ঐকান্তিক প্ৰচেষ্টাত জিলাখনৰ আটাইকেইটা পঞ্চায়তৰ অধীনৰ গাঁওসমূহৰ সামগ্ৰিক উন্নয়ন সাধন হোৱাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ফলপ্ৰসূ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ম ৷