‘ঘৰে ঘৰে জল’ আৰু ‘স্বচ্ছতাই ভাৰত’ মূলমন্ত্ৰক সাৰোগত কৰি দেশৰ উন্নতিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে
আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷
বৈঠকত জিলাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা ‘জল জীৱন মিছন’ আৰু ‘স্বচ্ছ ভাৰত অভিযান’ আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই আঁচনি সমূহৰ কাম কেনেদৰে ৰূপায়ণ হৈছে তাৰ খতিয়ান লওঁ ৷ বিশেষকৈ, জল জীৱন মিছনৰ যোগেদি জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানীৰ নল সংযোগৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰোঁ ৷
এই সভাত মোৰ লগতে মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণকে প্ৰমুখ্য কৰি ডিগবৈৰ বিধায়ক শ্ৰী সুৰেণ ফুকন, চাবুৱাৰ বিধায়ক শ্ৰী পোনাকণ বৰুৱা, মাৰ্ঘেৰিটাৰ বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা আৰু বিভাগীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷