তিনিচুকীয়াত পঞ্চায়তৰ মন্ত্ৰী হিচাবে পঞ্চায়তৰ এগৰাকী সভাপতিৰ লগত অন্তৰংগ আলাপ

তিনিচুকীয়াত পঞ্চায়তৰ মন্ত্ৰী হিচাবে পঞ্চায়তৰ এগৰাকী সভাপতিৰ লগত অন্তৰংগ আলাপ

আজি তিনিচুকীয়া জিলাত বিভাগীয় কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত জিলাখনৰ গুইজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰগুৰি গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী ধৰ্ম জ্যোতি বৰপাত্ৰ গোহাঁইৰ বাসগৃহত উপস্থিত হওঁ ৷ তেখেতৰ শ্ৰদ্ধেয় মাতৃ তথা পৰিয়ালবৰ্গৰ স্নেহভৰা সম্ভাষণ লাভ কৰি মই আহ্লাদিত হ’লো ৷

সন্মানীয় সভাপতি গৰাকীৰ সৈতে কিছু অন্তৰংগ আলাপ কৰাৰ লগতে পঞ্চায়ত খনৰ বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাৰাজীৰ বিষয়ে বুজ লওঁ ৷ আগন্তুক দিনত পঞ্চায়ত খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেখেতক দৃঢ়তাৰে কৰ্মসম্পাদন কৰিবলৈ পৰামৰ্শ আগবঢ়াওঁ ৷

এই কাৰ্যসূচীত মোৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী পোনাকণ বৰুৱা উপস্থিত থাকে ৷

CMO AssamPanchayat & Rural Development, AssamMyGov Assam