আজি তিনিচুকীয়া জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ সন্মানীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন আলোচনাত মিলিত হওঁ । আজি তিনিচুকীয়া জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ সন্মানীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন আলোচনাত মিলিত হওঁ । দলটোৰ সাংগঠনিক দিশটো সুদৃঢ় কৰাৰ ক্ষেত্ৰত জিলাখনৰ দলীয় কাৰ্যকৰ্তা সকলক পূৰ্বৰ দৰেই সহায়-সহযোগিতা প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজে দলটোৰ প্ৰতি ৰখা আশ্বাসক কৰ্মৰ মাজেৰে বৰ্তাই ৰাখিবলৈ তেখেতসকলক মই বিনম্ৰতাৰে আহ্বান জনাওঁ। জিলাখনৰ উন্নয়নৰ দিশটোত থকা পৰিকাঠামোক দূৰ কৰিবলৈ যথোপযুক্ত কাৰ্যপন্থা হাতত ল’বলৈ কাৰ্যকৰ্তা সকলক আহ্বান জনাওঁ ৷ ইয়াৰোপৰি, জিলাখনত ৰাইজৰ বাবে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনি সমূহ ৰূপায়ণ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেখেতসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ গ্ৰহণ কৰোঁ। আজিৰ এই সভাত মোৰ লগতে উপস্থিত থাকে মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী সুৰেণ ফুকন আৰু তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি শ্ৰী কুশকান্ত বৰা ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more