ঐতিহাসিক #শিৱসাগৰ জিলাৰ পৰা সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
কালি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি ৰাতি শিৱসাগৰত উপস্থিত হওঁ ৷ আজি পুৱা পুনৰবাৰ শিৱসাগৰ বৰপুখুৰীৰ পাৰে পাৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
আজিৰ দিনটোৰ কাৰ্যসূচী হিচাবে শিৱসাগৰ জিলাত জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কেইবাটাও দলীয় কাৰ্যসূচী ৰূপায়ণ কৰিম ৷ ইয়াৰোপৰি, পুৱা স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ গৃহত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে পঞ্চায়তৰ কাম-কাজ সন্দৰ্ভত আলোচনাত মিলিত হ’ম ৷