জিলা এখনৰ সৰ্বাংগীন উন্নয়ন হ’বলৈ গাঁও পঞ্চায়তৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন ৷ সেয়েহে পঞ্চায়ত খন সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি উৎসাহিত কৰোঁ
আজি শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত ন-হাট গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী পুষ্পা গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সৈতে মত বিনিময় কৰাৰ লগতে পঞ্চায়ত খনৰ কাম সমূহ নিয়াৰিকৈ কৰি যাবলৈ তেখেতক উৎসাহিত কৰোঁ ৷
লগতে পঞ্চায়ত খনৰ বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাৰাজীৰ বিষয়ে বুজ লৈ আগন্তুক দিনত পঞ্চায়ত খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেখেতক নিষ্ঠাৰে নিজ কৰ্ম সম্পাদন কৰিবলৈ পৰামৰ্শ আগবঢ়াওঁ ৷
এই কাৰ্যসূচীত মোক শিৱসাগৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ময়ুৰ বুঢ়াগোহাঁইয়ে সংগ প্ৰদান কৰে ৷