উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি মূ্লতঃ গ্ৰাম্যভিত্তিক। গাঁও এখনৰ সামগ্ৰিক ভেটি সুদৃঢ় কৰিবলৈ হ’লে পঞ্চায়ত সমূহৰ দায়িত্ব অপৰিসীম

উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি মূ্লতঃ গ্ৰাম্যভিত্তিক। গাঁও এখনৰ সামগ্ৰিক ভেটি সুদৃঢ় কৰিবলৈ হ’লে পঞ্চায়ত সমূহৰ দায়িত্ব অপৰিসীম

আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ।

এখন সুস্থ সমাজ তথা নৈতিকতাপূৰ্ণ সুশৃংখল সমাজ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব প্ৰদানেৰে কৰ্ম সম্পাদন কৰি যাবলৈ গাঁও পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাকে আজিৰ এই সভাত বিশেষ ভাৱে আহ্বান জনাওঁ। লগতে, ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন আঁচনি সমূহৰ সফল ৰূপায়ণ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যিসমূহ সমস্যা অথবা অভাৱ-অভিযোগে দেখা দিছে সেইসমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিস্তৃত ৰূপত আলোচনা কৰোঁ ৷

জিলাখনৰ আটাইকেইটা পঞ্চায়তৰ কাৰ্যকৰ্তাৰ অবিৰত প্ৰচেষ্টাই গ্ৰামাঞ্চলত থকা আঁসোৱাহ সমূহ দূৰ কৰাৰ লগতে গাঁও অঞ্চলৰ পূৰ্বৰ ছবিখনিত যথেষ্ট ধনাত্মক সাল-সলনি ঘটাবলৈ সক্ষম হ’ব বুলি মোৰ দৃঢ়বিশ্বাস।

আজিৰ এই পৰ্যালোচনা সভাত মোৰ সৈতে শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ময়ুৰ বুঢ়াগোহাঁই, প্ৰাক্তন জিলা সভানেত্ৰী শ্ৰীমতী সুৰভি ৰাজকুঁৱৰীকে প্ৰমুখ্য কৰি জিলাখনৰ পঞ্চায়তৰ প্ৰতিনিধি সকলৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

CMO AssamMyGov AssamMinistry of Panchayati Raj, Government of IndiaMinistry of Rural Development, Government of IndiaPanchayat & Rural Development, Assam