ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত নিষ্ঠাসহ কৰ্ম সম্পাদনত ব্ৰতী হৈ আছোঁ, ৰাইজৰ বিশ্বাসেই আমাৰ সফলতা
আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৃথক পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷
ৰাজ্যৰ আন জিলা সমূহৰ দৰেই শিৱসাগৰ জিলাৰ গ্ৰামাঞ্চল সমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বহুকেইটা আঁচনিৰ ৰূপায়ণ হৈ আছে ৷ আজিৰ এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই আঁচনিৰ কাৰ্যকৰীকৰণত দেখা দিয়া অসুবিধা সমূহ দূৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থাৰ ৰূপৰেখা তৈয়াৰ কৰোঁ ৷
লগতে, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি’, ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ ৰ আঁচনিৰ অধীনত জিলাখনৰ ৰাইজে পাবলগীয়া সা-সুবিধা সমূহৰ পৰা তেওঁলোক ক’ৰবাত বঞ্চিত হৈছে নেকি তাৰ এক খতিয়ান গ্ৰহণ কৰাৰ লগতে ৰাইজক যথোপযুক্ত সুবিধা সমূহ প্ৰদানৰ বাবে বিভাগৰ বিষয়ববীয়া সকলক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰোঁ।
এই দুয়োখন বৈঠকত মোৰ লগতে শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ময়ুৰ বুঢ়াগোহাঁই, প্ৰাক্তন সভানেত্ৰী শ্ৰীমতী সুৰভি ৰাজকুঁৱৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া সকল উপস্থিত থাকে ৷