বিশ্বৰ ৫ টা গঁড়ৰ প্ৰজাতিক সাঙুৰি আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ দিনটোত বিগত ২০১০ বৰ্ষৰ পৰা ‘আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱস’ হিচাবে উদযাপন কৰি অহা হৈছে। গঁড় সংৰক্ষণৰ লগতে এইক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সমূহৰ বিষয়েও আজিৰ দিনটোত আলোকপাত কৰা হয়।
এশিঙীয়া গঁড় প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান তথা গৌৰৱ। গঁড় হৈছে শক্তি, সহনশীলতা তথা দৃঢ়তাৰ প্ৰতীক। এই গহীন গম্ভীৰ জীৱ এবিধ যদি পৃথিৱীৰ পৰা হেৰাই যায় তেনেহ’লে ই আমাৰ বাবে এক হৃদয় বিদাৰক লগতে এক লজ্জাজনক কথা হ’ব ৷ ঈশ্বৰৰ এই সুন্দৰ সৃষ্টিক পৃথিৱীৰ পৰা বিলুপ্ত হৈ নাযাবলৈ প্ৰজাতিটোৰ ৰক্ষণাবেক্ষণৰ বাবে আমি প্ৰত্যেকেই সংকল্পবদ্ধ হোৱা উচিত।
গঁড়ক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয় খিনিক দায়িত্ব সহকাৰে পালন কৰিবলৈ আমি আজি দিনটোতেই প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।