সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সমিতিৰ প্ৰতিজন বিষয়ববীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ ৷

পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলে গ্ৰামাঞ্চলত ‘জল জীৱন মিছন’ আঁচনি খনৰ সফল ৰূপায়ণৰ বাবে ‘উপভোক্তা কমিটি’ গঠনৰ কৰি এই আঁচনিখন যুগযুগান্তৰলৈকে চলাই নিবলৈ আহ্বান

আজি ‘ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা’ ত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অভিলাষী আঁচনি “জল জীৱন মিছন” অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ সবিশেষ তথ্য দাঙি ধৰোঁ ৷ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানীৰ যোগান ধৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু উপায়ুক্ত কাৰ্যালয়ৰ বিষয়াসকল, বিভাগৰ অভিযন্ত্ৰা আৰু বিষয়া কৰ্মচাৰী সকলে কিদৰে অতি সক্ৰিয়তাৰে নিজৰ কৰ্ম সম্পাদন কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ২০২৪ ৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়ালত খোৱা পানীৰ নল যোগান ধৰাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে সেইবিষয়ে সকলোকে অৱগত কৰোঁ ৷

সমান্তৰালকৈ, পঞ্চায়তৰ প্ৰতিনিধি সকলে গ্ৰামাঞ্চলত ‘জল জীৱন মিছন’ আঁচনি খনৰ সফল ৰূপায়ণৰ বাবে ‘উপভোক্তা কমিটি’ গঠনৰ কৰি এই আঁচনিখন যুগযুগান্তৰলৈকে চলাই নিয়াৰ কাৰণে আহ্বান জনোৱাৰ লগতে গ্ৰামাঞ্চলত এই আঁচনিখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজ সক্ৰিয় সহায়-সহযোগিতা আগবঢ়াবলৈ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে বিনম্ৰতাৰে আহ্বান জনাইছো।

শেষত, আজিৰ এই সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সমিতিৰ প্ৰতিজন বিষয়ববীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ ৷

Narendra ModiHimanta Biswa SarmaBhabesh kalita ভবেশ কলিতাJal Jeevan Mission, IndiaJal Jeevan Mission, AssamBharatiya Janata Party (BJP)BJP Assam Pradesh