এই সভাত আজি উপস্থিত হোৱা উক্ত দলটোৰ সৈতে সেৱা জনাই সমাজত ভাৰতীয় জনতা পাৰ্টিৰ উৰ্দ্ধগামী যাত্ৰাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।

“উঠি কতো কীৰ্তন কৰন্ত তাল ধৰি।দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি।।প্ৰহ্লাদে শিখান্ত গাৱে গোবিন্দৰ গীত।পৰম আনন্দে দৈত্যপতি কৰে নৃত্য”।।”- (কীৰ্তনঘোষা)

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি বৰপেটা জিলাৰ পৰা অহা এটি থিয় নামৰ দলৰ সৈতে সংগ প্ৰদান কৰোঁ ৷ এনেদৰে নাম প্ৰসংগত ভাগ লৈ মই আহ্লাদিত হৈছোঁ ৷

সামূহিকভাৱে অৰ্দ্ধবৃত্তাকাৰে থিয় হৈ পৰিৱেশন কৰা বৰপেটাৰ থিয়নামৰ এক সুকীয়া বৈশিষ্ট আৰু ঐতিহ্য আছে। এই সভাত আজি উপস্থিত হোৱা উক্ত দলটোৰ সৈতে সেৱা জনাই সমাজত ভাৰতীয় জনতা পাৰ্টিৰ উৰ্দ্ধগামী যাত্ৰাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।