ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মাজতে আজি আমিনগাঁও স্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত মাননীয় কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল ডাঙৰীয়াৰ উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে মই ‘জল জীৱন মিছন’ ৰ এখনি পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰোঁ ৷ এই সভাত আমাৰ লগতে ‘জল জীৱন মিছন’ ৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷
এই পৰ্যালোচনা সভাত ৰাজ্যত ‘জল জীৱন মিছন’ ৰ অধীনত হোৱা কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে এই মিছনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঙৰীয়াৰ সৈতে আলোচনা কৰোঁ ৷ তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শই আগন্তুক দিনত আঁচনিখন সফলকাম কৰি তোলাত সহায় কৰিব বুলি মই আশাবাদী।