যোৱা কিছুদিন পূৰ্বে ভাৰতীয় জনতা পাৰ্টি টিহু মণ্ডলৰ প্ৰতিস্থাপক সভাপতি খগেন দাস দেৱৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ তেখেতৰ স্মৃতিত আজি টিহুত অনুষ্ঠিত হোৱা ‘স্মৃতিচাৰণ সভা’ ত উপস্থিত থাকোঁ ৷ সভাত মোৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰিয় সংঘচালক ড° উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া উপস্থিত থাকে ৷
স্বৰ্গীয় খগেন দাস ডাঙৰীয়াই টিহু অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি থৈ গৈছে ৷ তেখেতৰ কৰ্তব্যনিষ্ঠা আৰু দললৈ আগবঢ়োৱা অতুলনীয় অৱদান সমূহৰ বাবে তেখেত চিৰস্মৰণীয় হৈ থাকিব ৷
আজিৰ এই ‘স্মৃতিচাৰণ সভা’ ত প্ৰয়াত দাস দেৱৰ প্ৰতি এগছি বন্তি আৰু একাঁজলি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰোঁ ৷ লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয় স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷