আমাৰ মাৰ্গদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আজি জন্মজয়ন্তী উপলক্ষে বজালী জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘আলোচনা চক্ৰ’ ত উপস্থিত থাকি মহান মনিষী জনৰ জীৱন আৰু দৰ্শনৰ ওপৰত মত বিনিময় কৰোঁ ৷
সৰুৰে পৰা অতি দুখ, কষ্ট আৰু ত্যাগৰ মাজেৰে নিজৰ জীৱন পৰিক্ৰমা পাৰ কৰা এইগৰাকী মহান ব্যক্তিয়ে ”অন্ত্যোদয়া’ নীতিৰে দেশৰ সাধাৰণ মানুহৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৷ এইজনা মহান মনিষী কোটি কোটি ভাৰতীয়ৰ বাবে চিৰনমস্য হৈ ৰ’ব ৷
দেশৰ অখণ্ডতা ৰক্ষা কৰা, প্ৰজ্ঞাৰ অলোক বিয়পোৱা, আধ্যাত্মিক চিন্তা চেতনাৰে ভাৰত মাতৃক বিশ্বৰ বুকুত সৰ্বদা প্ৰতিষ্ঠাৰ হেতু নিৰন্তৰ চেষ্টা কৰা আমাৰ পথ প্ৰদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক প্ৰতিদিনেই স্মৰণ কৰিবলৈ তেখেতৰ জন্মবাৰ্ষিকীৰ এই পবিত্ৰ দিনটোত প্ৰতিজন কাৰ্যকৰ্তাকে আহ্বান জনাইছোঁ ৷