সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক তাকে কামনা কৰিছোঁ ৷
দুদিনীয়া বিভাগীয় কাৰ্যসূচীৰে আজি বৰাক ভেলী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ ৷ আজি আৰু কাইলৈ ক্ৰমে কৰিমগঞ্জ আৰু হাইলাকান্দিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাখনো পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিম ৷
ইয়াৰোপৰি, স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ গৃহত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰিম ৷