” বিশ্ব পৰ্যটন দিৱস”, আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তুলি জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰি অহা হৈছে।

” বিশ্ব পৰ্যটন দিৱস”, আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তুলি জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰি অহা হৈছে।

এই দিৱস উপলক্ষে এই ক্ষেত্ৰৰে জড়িত সকলো ব্যক্তি-অনুষ্ঠানক সহৃদয় অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ।May be an image of outdoors and text that says "The allure of rich cultures, vibrant beritage and breathtaking destinations is undeniably soothing for the soul. WORLD TOURISM DAY RanjeetKrDass www.ranjeetkrdas.in"

“অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ”

অপূৰ্ব, অসামান্য প্ৰাকৃতিক পৰিৱেশ তথা পৰ্যটনৰ ক্ষেত্ৰত অপাৰ সম্ভাৱনাৰে ভৰা ৰাজ্য অসম। চহকী ঐতিহ্য, অপৰূপ সৌন্দৰ্যৰে অসম মাতৃৰ পৰ্যটন ক্ষেত্ৰই দেশৰ পৰ্যটন মানচিত্ৰত একক আৰু অন্যতম পৰিচয় বহন কৰি আহিছে।

আমাৰ সম্ভ্ৰান্ত পৰ্যটন ক্ষেত্ৰ সমূহ আৰু লোকচক্ষুৰ পৰা এতিয়াও আঁতৰত থকা সম্ভাৱনাৰ আকৰেৰে ভৰা এনে ক্ষেত্ৰসমূহৰ প্ৰসাৰ, সংৰক্ষণ আৰু পৰ্যটকৰ আকৰ্ষণৰ বাবে নতুন চিন্তাৰে দাঙি ধৰাৰ বাবে সকলোৰে দায়িত্ব অপৰিসীম। এই দায়িত্বক সকলোকে নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছোঁ।

ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যেই বহু সুদূৰপ্ৰসাৰী আঁচনি হাতত লৈ সু-পৰিকল্পনাৰে আগবাঢ়িছে। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছোঁ।

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰই নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ সাহস আৰু সমল দিয়ক। সাংস্কৃতিক-অৰ্থনৈতিক পৰিসীমাক অধিক প্ৰসাৰী বিশ্বৰ বুকুত অসমৰ পৰ্যটন ক্ষেত্ৰই একক পৰিচয় বহন কৰি যাওঁক সগৌৰৱৰে..