সমাজৰ প্ৰগতিৰ হেতু মহিলাসকলৰ আত্মনিৰ্ভৰশীল খোজ
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত হাইলাকান্দি জিলাত আজি প্ৰগতি চি.এল.এফ পঞ্চগ্ৰামৰ অধীনৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীসমূহ পৰিদৰ্শন কৰি আনন্দিত হৈছোঁ।
স্বাৱলম্বী মহিলাসকলে সমাজখনক প্ৰগতিৰ দিশে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। আত্মনিৰ্ভৰশীল হোৱাৰ ইচ্ছাৰে তেওঁলোকে ৰাজ্যৰ থলুৱা সামগ্ৰী সমূহৰ পৰা আৰম্ভ কৰি কৃষিৰ সৈতে জড়িত হৈয়ো ব্যৱসায়িক মানসিকতাৰ জৰি
য়তে নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক আৰ্থিক দিশত সহায় আগবঢ়াইছে।
আজি প্ৰগতি চি.এল.এফ পঞ্চগ্ৰামৰ অধীনৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আগুৱাই যাবলৈ উৎসাহিত কৰোঁ।