আজি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনৰ “জল জীৱন মিছন” ৰ অন্তৰ্গত বৃহত্তৰ আলগাপুৰ-হাইলাকান্দি পানী যোগান প্ৰকল্পটোৰ শুভ উদ্বোধন কৰোঁ ৷

আজি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনৰ “জল জীৱন মিছন” ৰ অন্তৰ্গত বৃহত্তৰ আলগাপুৰ-হাইলাকান্দি পানী যোগান প্ৰকল্পটোৰ শুভ উদ্বোধন কৰোঁ ৷ উল্লেখযোগ্য যে, এই প্ৰকল্পটোৰ কাম বিভিন্ন সমস্যাৰ বাবে আধৰুৱা হৈ আছিল ৷ এই সকলো খিনি সমস্যাৰ নিষ্পত্তি কৰি আজি আঁচনি খনৰ কাম শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

এই আঁচনি খনৰ বাবদ ১৩৭.৭৪ কোটি টকাৰ অনুমোদন জনোৱা হৈছে আৰু বৰ্তমানলৈকে মুঠ ১০৫.৩০ কোটি টকা মুকলি কৰি দিয়া হৈছে ৷ এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ আলগাপুৰ অঞ্চলবাসীয়ে খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ় লৈ উঠিব ৷

এই প্ৰকল্পটো ক্ষিপ্ৰতাৰে কাৰ্যক্ষম কৰি তুলিবলৈ মোৰ লগত উপস্থিত থকা জিলা উপায়ুক্ত আৰু বিভাগৰ বিষয়ববীয়া সকলক নিৰ্দেশ প্ৰদান কৰোঁ।

Pleased to inaugurate the Greater Algapur-Hailakandi Water Supply Project under #JJM today.

Despite some delays in it’s prgress, we are delighted to resolve the issues & start the work towards completion of the project, which will provide much needed relief to the people.

CMO AssamHimanta Biswa SarmaMyGov AssamJal Jeevan Mission, AssamMinistry of Jal Shakti, Department of Water Resources, RD & GR