আজি হাইলাকান্দি জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ।

আজি হাইলাকান্দি জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ। সভাত বিভাগৰ বিষয়াবৰ্গৰে জিলাখনত সম্প্ৰতি হৈ থকা বিভাগীয় কামৰ খতিয়ান গ্ৰহণ কৰি বিশদ ভাৱে প্ৰতিখন আঁচনি আৰু অন্যান্য কামৰ অগ্ৰগতিৰ বুজ লওঁ।

আনহাতে, আজি হাইলাকান্দি জিলাত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত চহৰাঞ্চল আৰু গ্ৰামাঞ্চলত অব্যাহত থকা বিভিন্ন আঁচনি সম্পৰ্কে বিস্তৃত ভাৱে আলোচনাৰ অৰ্থে জিলাখনৰ বিভাগীয় বিষয়া বৰ্গৰে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা সম্বোধন কৰোঁ। সভাত জিলাখনৰ বিভাগৰ সকলো প্ৰকাৰৰ কাম কাজৰ বুজ লোৱাৰ লগতে জণগণৰ হিতাৰ্থে চৰকাৰে বিভাগৰ দ্বাৰা গ্ৰহণ কৰা আঁচনি সমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীক বিশেষ আহ্বান জনাওঁ।

আজিৰ এই দুয়োখন পৰ্যালোচনা সভাত মোৰ সৈতে হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী, কাটলিচেৰা সমষ্টিৰ বিধায়ক চুজামুদ্দিন লস্কৰকে প্ৰমুখ্য কৰি জিলা উপায়ুক্ত আৰু দুয়োটা বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

Attended two separate review meetings of FCS&CA & PHED at DC office, Hailakandi.

Advised officials to implement Govt. schemes efficiently to ensure food security to its rightful beneficiaries under FCS&CA, & deliver quality public health services under PHED.

CMO AssamHimanta Biswa SarmaMyGov AssamFood, Civil Supplies & Consumer Affairs, Govt. of AssamMyGovIndiaDepartment of Consumer Affairs, Government of India