পঞ্চায়ত প্ৰতিনিধি সকলৰ দায়িত্ববোধে এখন গাঁৱক ইতিবাচক দিশলৈ গতি কৰোৱাৰ লগতে আৰ্থিকভাৱে সফল কৰি তোলে
আজি দিনটোত হাইলাকান্দি জিলাত বিভাগীয় পৰ্যালোচনা সভাত উপস্থিত থকাৰ পৰৱৰ্তী সময়ত লালা দেৱ ব্লকৰ অধীনত মনাচেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী অপৰ্ণা শুক্লবৈদ্যৰ গৃহত উপস্থিত হওঁ। তেখেতৰ পঞ্চায়তখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ লগতে এই আঁচনিসমূহ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাষ চাপিছে নে নাই সেই সম্পৰ্কে মত বিনিময় কৰোঁ।
এই কাৰ্যসূচীত মোক সংগ প্ৰদান কৰে হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, জিলা উপাযুক্ত, খণ্ড উন্নয়ন বিষয়া আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ৷
Monacherra GP President, Smt Aparna Suklabaidya hosted us for lunch at her residence, in the presence of DC, BDO & CEO.
Pleased by her hospitality & glad to see my special initiative materialising into a meaningful session of an effective performance review & feedback.