বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভাৰ নিৰ্বাচনত জয় লাভ কৰিছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।
এই শুভক্ষণত তেখেতক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।
বৰ্তমানলৈকে যি নিষ্ঠা আৰু সততাৰে তেখেতে জনসাধাৰণৰ হিতৰ বাবে চিন্তা কৰি কৰ্মসম্পাদন কৰিছে, অনাগত দিনটো ঠিক এনেদৰে ৰাজ্যবাসীৰ প্ৰতিটো সমস্যাতে কাষত থিয় হৈ তেখেতে সমাধানৰ বাট মোকলাব বুলি মই আশা কৰিছোঁ।