“ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় ৷”
দুদিনীয়া বৰাক ভেলীৰ ভ্ৰমণসূচী সামৰি আজি গুৱাহাটী অভিমুখে ৰাওনা হ’ম ৷ এই দুয়োটা দিনত আলোচনা হোৱা বিভাগীয় সকলো কাৰ্যপন্থা বিষয়ববীয়া সকলে নিয়াৰিকৈ পালন কৰি জিলা দুখনৰ সামগ্ৰিক উন্নতি সাধন কৰিব বুলি মই আশা ৰাখিছোঁ ৷
এই দুদিনীয়া বৰাক ভেলী ভ্ৰমণত আটাইতকৈ স্মৰণীয় মুহূৰ্ত হ’ল এগৰাকী পঞ্চায়ত সভাপতিয়ে মোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখনি ফটো উপহাৰ হিচাবে দিয়ে আৰু দ্বিতীয়তে দুয়োখন জিলাতে বিভাগীয় সভা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত জাতীয় সংগীত পৰিবেশন কৰা হয় ৷ এই দুয়োটা কথা মোৰ মানসপটত যুগমীয়া হৈ থাকিব ৷ জাতীয় সংগীত পৰিবেশনেৰে সভাৰ শুভাৰম্ভ কৰা পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক তাকে কামনা কৰিছোঁ ৷ 