“এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ ।”
সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজি দিনটো মঙ্গলময় হওঁক তাকে কামনা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
বৰাক ভেলী ভ্ৰমণৰ পিছত আজি কামৰূপ জিলাত বিভাগীয় কেইবাখনো পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ উপৰিও অংগনবাড়ী কেন্দ্ৰ, হস্পিতাল (CHC/PHC), জল জীৱন মিছন আঁচনি, প্ৰাথমিক বিদ্যালয় আৰু ক’ভিড টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰিম ৷
দিনটোৰ এই ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবে নিজকে প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চাৰে পুৱাতে প্ৰস্তুত কৰি তুলিছোঁ ৷