দুুখীয়া ৰাইজৰ হিতৰ স্বাৰ্থত বিভিন্ন আঁচনি মুকলি কৰি কেন্দ্ৰ চৰকাৰে এক নতুন উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে। ৰাইজৰ প্ৰত্যাশা তথা আকাংক্ষা পূৰণেই হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য
দিনটোৰ দ্বিতীয় কাৰ্যসূচী ৰূপে আজি কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ।
জিলাখনৰ বিভাগীয় বিষয়াবৰ্গৰে বিভাগৰ সামগ্ৰিক কৰ্মপ্ৰণালীৰ খতিয়ান লোৱাৰ লগতে ৰূপায়িত হৈ থকা “এক দেশ, এক ৰেচন কাৰ্ড”, “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা” আঁচনিকে আদি কৰি বিভিন্ন আঁচনি সম্পৰ্কটো বিস্তৃত ভাৱে পৰ্যালোচনা কৰোঁ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ অধীনৰ আঁচনি সমূহৰ সুবিধাৰ পৰা জিলাখনৰ কোনো যোগ্য ব্যক্তি যাতে বঞ্চিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখি নিষ্ঠা সহকাৰে দায়িত্ব সমূহ পালন কৰি জিলাবাসীৰ সেৱা অব্যাহত ৰাখিবলৈ বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনাওঁ।
আজিৰ এই সভাত মোৰ সৈতে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জিলা উপায়ুক্ত আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷
Our Govt is working towards inclusion of rightful beneficiaries to ensure food security for all & tackling the issues of unfair means.
Addressed an FCS&CA review meeting at DC office in Amingaon.
Took stock of & reviewed the progress of Govt schemes being implemented.