বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিভিন্ন জনকল্যাণমুখী আঁচনিৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে আঁচনি সমূহ সঠিক ভাৱে ৰূপায়িত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে ৷ তাৰ ফলশ্ৰুতিত তেখেতে আমাৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলক বিভাগীয় কাৰ্যসূচীৰ উপৰিও দিনটোত অন্ততঃ পাঁচখন আঁচনি পৰিদৰ্শন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে।
যিহেতু, অহা কাইলৈ ধেমাজি জিলাত কেবিনেট বেঠক অনুষ্ঠিত হ’ব, তাৰ পৰিপ্ৰেক্ষিততেই আজি ধেমাজি জিলালৈ গৈ থকা অৱস্থাত কামৰূপ জিলাৰ বিভিন্ন অংগনবাড়ী কেন্দ্ৰ, হস্পিতাল (CHC/PHC), জল জীৱন মিছন, প্ৰাথমিক বিদ্যালয় আৰু ক’ভিড টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন আদি মুঠ পাঁচখন আঁচনি পৰিদৰ্শন কৰোঁ।
এই পৰিদৰ্শন কালত মোক সংগ প্ৰদান কৰে উপায়ুক্ত তথা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া- কৰ্মচাৰী সকলে।