গ্ৰামাঞ্চলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নেই আমাৰ লক্ষ্য, এই লক্ষ্যক সফল ৰূপায়ণৰ বাবে আমি উদ্যম আৰু সু-পৰিকল্পনাৰে অবিৰত যাত্ৰা অব্যাহত ৰাখিম।
আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ।
সভাত জিলাখনত সম্পাদন হৈ থকা বিভাগৰ সকলো আঁচনি আৰু কৰ্মপ্ৰণালীৰ বিস্তৃত খতিয়ান বিভাগীয় বিষয়াৰ পৰা অৱগত হওঁ। লগতে, ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ সফলতা তথা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিভাগৰ কৰণীয় দায়িত্বক সুচাৰুৰূপে পালন কৰাৰ আহ্বান জনাওঁ।
জিলাখনৰ গ্ৰামাঞ্চলৰ ৰাইজক বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে নিষ্ঠাৰে সেৱা আগবঢ়াই বিভাগৰ সকলো আঁচনিৰ সুবিধা প্ৰদানৰ হেতু নিজ দায়িত্ব আগ্ৰহেৰে পালন কৰিবলৈ বিশেষ ভাৱে আহ্বান জনাওঁ।
এই সভাত মোৰ সৈতে অসম পেট্ৰ’কেমিকেলৰ সচিব শ্ৰী বিকুল ডেকা আৰু পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে বিভাগীয় বিষয়া সকল উপস্থিত থাকে ৷
Holistic rural development is our prime goal & we have embarked on the journey of achieving these goals in a speedy & orderly manner.
Addressed a review meeting of the P&RD at Dibrugarh dist, specifically discussing the smooth discharge of responsibilities in achieving the successful implementation of various schemes.