আজি ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন কৰোঁ।
আপোনালোক জ্ঞাত যে, ‘জল জীৱন মিছন’ ৰ অধীনত কাৰ্যকৰী হৈ থকা খোৱা পানী সংযোগ প্ৰদান আঁচনি ইতিমধ্যে নিৰ্ধাৰিত লক্ষ্যৰ উৰ্দ্ধত ৰূপায়ণ কৰা হৈছে।
এনে পৰিপ্ৰেক্ষিততে, চলিত মাহটো পানী সংযোগ প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজ চেষ্টা অব্যাহত ৰাখিছে।
আজিৰ পৰিদৰ্শন কালত ‘জল জীৱন মিছন’ ৰ অধীনত ৰূপায়ণ হোৱা এই পানী যোগান আঁচনিখনৰ সামগ্ৰিক প্ৰগতিৰ খতিয়ান গ্ৰহণ কৰাৰ লগতে কাম-কাজসমূহৰ অগ্ৰগতিৰ বুজ লওঁ।
এই কাৰ্যসূচীত মোৰ সৈতে প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱা উপস্থিত থাকে ৷