পঞ্চায়ত প্ৰতিনিধিৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তৰ কাম-কাজ পৰ্যালোচনা কৰাৰ নিৰলস যাত্ৰা আজিও অব্যাহত ৰাখিছোঁ 
আজি ডিব্ৰুগড় জিলাত বিভাগীয় পৰ্যালোচনা সভা সম্বোধন কৰাৰ পিছত বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাভেটা গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী সঞ্জীৱ হাজৰিকাৰ গৃহত উপস্থিত হওঁ আৰু তেখেতৰ পঞ্চায়ত খনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰোঁ ৷ লগতে, ৰাজাভেটা গাঁও পঞ্চায়ত খনৰ বিভিন্ন সমস্যাৰাজীৰ বুজ লৈ সেইসমূহ শীঘ্ৰে সমাধান কৰা সন্দৰ্ভত আলোচনা কৰোঁ ৷
এই সময়ছোৱাত মোক সংগ প্ৰদান কৰে ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন আৰু প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱাই ৷