আজি বঙাইগাঁও জিলাত জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যোগত আয়োজন কৰা “গান্ধী জয়ন্তী” আৰু “স্বচ্ছ ভাৰত দিৱস” ত অভিভাৱক মন্ত্ৰী হিচাবে উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে আজি বঙাইগাঁও জিলাত জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যোগত আয়োজন কৰা “গান্ধী জয়ন্তী” আৰু “স্বচ্ছ ভাৰত দিৱস” ত অভিভাৱক মন্ত্ৰী হিচাবে উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷ এই অনুষ্ঠানতে “জল জীৱন মিছন” ৰ জৰিয়তে বঙাইগাঁও জিলাত আজি মুঠ ৪০৮০ টা পৰিয়াললৈ খোৱা পানীৰ গৃহ সংযোগৰ শুভ উদ্বোধন কৰোঁ ৷ এই আঁচনিয়ে উক্ত পৰিয়াল সমূহৰ সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিশ্চিত ৰূপত সহায় কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷ ইয়াৰোপৰি, মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰত সপোনক সাকাৰ ৰূপ দিয়াৰ বাবে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই “স্বচ্ছ ভাৰত অভিযান মিছন” আৰম্ভ কৰিছিল ৷ তাৰ পৰিপ্ৰেক্ষিততে, ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটো “স্বচ্ছ ভাৰত দিৱস” হিচাবে পালন কৰা হয় ৷ এই ‘স্বচ্ছ ভাৰত দিৱস’ উপলক্ষে আজি বঙাইগাঁও জিলাত ৰিক্সা আৰু তিনিচকীয়া বাহনেৰে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ শুভ উদ্বোধন কৰি বঙাইগাঁও জিলাখনক স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ জিলাৰূপে গঢ়ি তোলাৰ বাবে সংকল্প লওঁ ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more