বিশেষ কাৰ্যসূচী হাতত লৈ অসমত আহি উপস্থিত হোৱা ভাৰতৰ মহামহিম উপ-ৰাষ্ট্ৰপতি এম. ভেংকয়া নাইডু ডাঙৰীয়াক আজি গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি জনাওঁ ৷
উল্লেখ্য যে, আজি তেখেতে ঐতিহ্য তথা সাংস্কৃতিক কেন্দ্ৰ পুৰণি উপায়ুক্ত বাংলো (কামৰূপ মেট্ৰ’) ৰ শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী কৰ্কট চিকিৎসালয়ত Pet MRI ৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰোপৰি, তেখেতে সন্ধিয়ালৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰিব ৷