পাঠশালাত সেৱা আৰু সমৰ্পণ উপলক্ষে নাগৰিক সভা
দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে “সেৱা আৰু সমৰ্পণ” কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷
তাৰ উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত শ্ৰীৰাম একাডেমিত অনুষ্ঠিত হোৱা এখনি “নাগৰিক সভা” সম্বোধন কৰোঁ ৷
জিলাখনৰ বহুকেইজন বিশিষ্ট জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা এই সভাখনিত উপস্থিত থাকি এক অনন্য অনুভৱ লাভ কৰাৰ লগতে সমূহ বিশিষ্ট নাগৰিকক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাই মই আপ্লুত হৈছোঁ ৷
তেখেত সকলৰ মৰম তথা আশীৰ্বাদ আমাৰ বাবে ৰাইজৰ সেৱা কৰি যোৱাৰ অনুপ্ৰেৰণাৰ অমল উৎস ৷ আজিৰ সভাত উপস্থিত থাকি আমাক উৎসাহিত কৰা প্ৰতিজন বিশিষ্ট নাগৰিককে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷
আজিৰ এই সভাত মোৰ লগতে বজালী জিলাৰ প্ৰভাৰী শ্ৰী বেনুধৰ নাথ আৰু জিলা সভাপতি শ্ৰী নগেন চৌধুৰী উপস্থিত থাকে ৷