আজি তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰিজুলি মণ্ডলৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত উপস্থিত থাকোঁ।
সন্মিলনত মূলতঃ আগন্তুক বিধান সভাৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠনিক দিশ সম্পৰ্কত কাৰ্যকৰ্তা সতীৰ্থ সকলৰ সৈতে বিস্তৃত ভাৱে আলোচনা কৰোঁ। উল্লেখ্য যে, সন্মিলনত উপস্থিত থকা সতীৰ্থ সকলৰ উদ্যম আৰু আগ্ৰহে মোক যথেষ্ট আহ্লাদিত কৰে।
ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে আগন্তুক দিনত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে শক্তিশালী ভাৱে অৱতীৰ্ণ হোৱাৰ লগতে নিশ্চিত ভাৱে জয়ী হোৱাৰ উমান ইতিমধ্যেই দিছে। এই ক্ষেত্ৰত তামুলপুৰো ব্যতিক্ৰম নহয়।
আজিৰ সন্মিলনত উপস্থিত থকা প্ৰতিগৰাকী সতীৰ্থলৈ মোৰ সহৃদয় শুভেচ্ছা প্ৰেৰণ কৰাৰ লগতে নিৰ্বাচনত সেৱাৰ মনোভাৱেৰে নিজ নিজ দায়িত্ব পালনৰ বাবে আহ্বান জনাওঁ।
এই সন্মিলনত মোৰ সৈতে বি.টি.আৰৰ সন্মানীয় কাৰ্যবাহী সদস্য শ্ৰী ধৰ্মনাৰায়ণ দাস আৰু জিলা সভাপতি শ্ৰী ভিক্টৰ দাস উপস্থিত থাকে।