“কুকুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম”
– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
আজি ‘বিশ্ব প্ৰাণী দিৱস’। বিশ্বৰ সমুদায় প্ৰাণীকুলৰ অধিকাৰ তথা কল্যাণৰ বাবে সমগ্ৰ বিশ্বই ‘বিশ্ব প্ৰাণী দিৱস’ উদযাপন কৰিছে। বিশেষকৈ, আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোতেই জীৱকুলৰ সুনিশ্চিত সুৰক্ষাৰ বাবে প্ৰতিগৰাকী জনসাধাৰণ সংকল্পবদ্ধ হৈছে।
আমি সকলোৱে জানো যে, পোহনীয়া জীৱ-জন্তুৰ ভিতৰত কুকুৰ অতিকৈ প্ৰভুভক্ত। সেয়েহে, মানুহৰ মাজত অন্য জীৱ-জন্তুৰ তুলনাত কুকুৰ অধিক প্ৰিয়। কিয়নো, কুকুৰে অতন্দ্ৰ প্ৰহৰী হৈ গৃহস্থক বহু সময়ত বহু বিপদৰ পৰা ৰক্ষা কৰি অহা আমাৰ পৰিলক্ষিত হৈছে। বহু সময়ত মই লক্ষ্য কৰোঁ যে, আমাৰ ৰাষ্টাই-ঘাটে বহু গৰাকীবিহীন কুকুৰ ভোকে-লঘোণে নিৰাশ্ৰয় অৱস্থাত ঘূৰি ফুৰে। যিহেতু কুকুৰ মোৰো বহুত প্ৰিয় সেয়েহে আজিৰ এই বিশেষ দিনটোত মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাব বিচাৰোঁ যে, এই ৰাষ্টাই ঘাটে গৰাকীবিহীন ভাৱে ঘূৰি ফুৰা প্ৰভুভক্ত প্ৰাণীবিধক অকণমান মৰম আৰু আশ্ৰয় প্ৰদান কৰি উদ্ধাৰ কৰাৰ প্ৰয়াস কৰোঁ আহক।