অসমৰ প্ৰাচীন লোককলা পুতলা নাচৰ ওপৰত নিৰ্মিত তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত ‘লাইফ ইন এ পাপেট’ ৰ প্ৰিমিয়াৰ শ্বোলৈ বিশিষ্ট অতিথি হিচাবে আজি মোক পৰিচালক শ্ৰী ৰাজেন দাস, অভিনেত্ৰী শ্ৰীমতী আশা বৰদলৈ সহিতে কলা-কুশলী সকলে সাদৰেৰে নিমন্ত্ৰণ জনায় ৷ তেখেত সকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
অসমৰ প্ৰাচীন লোককলা পুতলা নাচক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াসেৰে তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকী কৰি দিয়াৰ তেওঁলোকৰ এই প্ৰচেষ্টাক মই আদৰণি জনাইছোঁ ৷ অহা ২২ অক্টোবৰ, ২০২১ তাৰিখে প্ৰিমিয়াৰ শ্বো হ’বলগা এই ছবিখন অসমৰ ছবিগৃহত উপভোগ কৰিবলৈ আগ্ৰহেৰে বাট চাই ৰ’লো ৷
লগতে, এই অসমীয়া চলচ্চিত্ৰ খনে ৰাইজৰ সমাদৰ লাভ কৰি আমাৰ ঐতিহ্য পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যাত্ৰা সফল হওঁক তাকে কামনা কৰিছোঁ ৷