#সুপ্ৰভাত#GoodMorning ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰ তাৰিখলৈকে অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত এই মহোৎসৱ পালন কৰা হ’ব ৷

#সুপ্ৰভাত#GoodMorning

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ অধীনত অহা ১১ অক্টোবৰ, ২০২১ তাৰিখে পুৱা ১১ বজাত নলবাৰী জিলাত “অন্ন মহোৎসৱ” পালন কৰা হ’ব ৷ ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰ তাৰিখলৈকে অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত এই মহোৎসৱ পালন কৰা হ’ব ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সিদ্ধান্ত অনুসৰি ক’ৰোণা মহামাৰীৰ কালত দেশৰ প্ৰতিজন নাগৰিকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ ৰ অধীনত প্ৰতিজন হিতাধিকাৰীক অতিৰিক্ত ৫ কিলোকৈ বিনামূলীয়া চাউল চলিত ২০২১ বৰ্ষৰ মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰদান কৰা হৈছে ৷ হিতাধিকাৰী সকলক এই আঁচনি খনৰ বিষয়ে অৱগত কৰিবলৈ তথা এই বিষয়ত অধিক জানিবলৈ ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা’ ৰ অধীনত অহা ১১ অক্টোবৰ তাৰিখে নলবাৰী জিলাত “অন্ন মহোৎসৱ” নামেৰে এক বিনামূলীয়া অন্ন বিতৰণ কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ এই অনুষ্ঠানত হিতাধিকাৰী সকলক ১০ কিলোৰ সামগ্ৰী কঢ়িওৱা এখন উন্নত মানৰ মোনা প্ৰদান কৰা হ’ব ৷