এখন সবল সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম। ৰাজনৈতিক, অৰ্থনৈতিক লগতে এখন সমাজৰ সৰ্বাংগীন উন্নয়নৰ দিশত এগৰাকী নাৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু এই ভূমিকা সমূহ বহুক্ষেত্ৰত স্বীকৃতি লাভৰ পৰা বঞ্চিত হয়। এগৰাকী নাৰীৰ কৰ্মক্ষেত্ৰ কেৱল মাথোঁ এখন ঘৰতেই সীমাবদ্ধ হৈ নাথাকে, ৰাজনীতি, শিক্ষা, বিজ্ঞান, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে নাৰীৰ অৱদান অনুকৰণীয়।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই “নাৰী সবলীকৰণ” ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈ আহিছে ৷ তাৰ পৰিপ্ৰেক্ষিততেই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে অসমত বহু আত্মসহায়ক গোটৰ যোগেদি ৰাজ্যৰ মহিলা সকলক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই তেওঁলোকক স্বাৱলম্বী কৰি তুলিছে ৷ এইক্ষেত্ৰত তেওঁলোকে ইতিমধ্যেই বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
এইখিনিতে স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা মহিলা সকললৈ বিশেষ আহ্বান, আপোনালোকে নিজৰ নিকটতম অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়লৈ গৈ তেওঁলোকে প্ৰদান কৰি থকা সা-সুবিধা সমূহ গ্ৰহণ কৰক আৰু নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ নিজ অৱদান আগবঢ়াওক ৷